64
newsnextone.com। বাক্সা জিলাৰ নাগ্ৰীজুলিত বনৰীয়া হাতীৰ তাণ্ডৱ বৰ্তমান অব্যাহত আছে। বনৰীয়া হাতীৰ বৃহৎ দলৰ এটিৰ বিচৰণে নাগ্ৰীজুলি অঞ্চলত তীব্ৰ সন্ত্ৰাস সৃষ্টি কৰিছে। বৃহস্পতিবাৰে নিশা বনৰীয়া হাতীৰ বৃহৎ দল এটাই নিশা নাগ্ৰীজুলিস্থিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত প্ৰৱেশ কৰাৰ লগতে ভঁৰাল ঘৰটোৰ পকী বেৰ ভাঙি ঘৰটোৰ ভিতৰত থকা বহু পৰিমানৰ মাধ্যাহ্ন ভোজনৰ চাউল আৰু দুই বস্তা দাইল খাই পেলায়।
