Home ৰাজ্যনাগ্ৰীজুলিত আয়ুষ্মান ভাৰত অভিযান আঁচনিৰ শুভাৰম্ভ

নাগ্ৰীজুলিত আয়ুষ্মান ভাৰত অভিযান আঁচনিৰ শুভাৰম্ভ

by News Desk
A+A-
Reset
nagri1

newsnextoneতামুলপুৰ ৫ অক্টোবৰঃ সুস্বাস্থ্য অবিহনে দেশৰ উন্নয়ণ সম্ভৱ নহয়। দেশৰ প্ৰতি গৰাকী ব্যক্তি সুস্বাস্থ্যৰ অধিকাৰী হলেহে দেশৰ প্ৰতিজন নাগৰিকে নিজকে দেশৰ তথা ৰাজ্যৰ আৰু অঞ্চল একোটাৰ উন্নয়নৰ কামত নিজকে মনোনিবেশ কৰিব পাৰিব। এই ভাষ্য বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ। আজি বাক্সা জিলাৰ নাগ্ৰীজুলিত প্ৰধান মন্ত্ৰীৰ আয়ুষ্মান ভাৰত অভিযান আঁচনিৰ শুভাৰম্ভ কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে দেশৰ প্ৰতি গৰাকী নাগৰিকে নিজৰ সুস্বাস্থ্য অক্ষুন্ন ৰাখিবলৈ হ’লে সুস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচন্নতাৰ প্ৰতি গুৰুত্ব দিব লাগিব। পৰিষ্কাৰ-পৰিচন্নতা অবিহনে কোনো এজন লোকে সুস্বাস্থ্যৰ অধিকাৰী হোৱাটো সম্ভৱ নহয়। ভাৰত চৰকাৰে প্ৰতি গৰাকী নাগৰিকৰ বাবে প্ৰচলন কৰা আঁচনি সমুহৰ ফলপ্ৰসূ ৰূপায়ন কৰাত সহায়-সহযোগ কৰিব লাগিব। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচিৰ উন্নয়নৰ খতিয়ান ডাঙি ধৰি সমগ্ৰ বিটিএডি অঞ্চলৰ উন্নয়নৰ বাবে বিটিচি প্ৰশাসনে গ্ৰহণ কৰা আঁচনি সমূহৰ বিষয়েও কাৰ্যবাহী সদস্য গৰাকীয়ে বিতংকৈ ব্যখ্যা কৰে। আজিৰ এই সভাতেই বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ ৩৭ খন গাঁওৰ ৮ হাজাৰ লোকে এই আয়ুষ্মান ভাৰত আঁচনিৰ কাৰ্ড লাভ কৰিব বুলি সদৰী কৰে।

সভাত উপস্থিত থাকি সত্ৰৰবাৰী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ মনোহৰ দাসে তেখেতৰ ভাষণত  আয়ুষ্মান ভাৰত অভিযান আঁচনিৰ কাৰ্ডৰ পৰা কেনেদৰে চৰকাৰী আঁচনিখনৰ লাভ সৰ্বসাধাৰণ ৰাইজে লাভ কৰিব পাৰিব তাৰ বিষয়ে বিতংকৈ বুজাই কয়। নাগ্ৰীজুলিৰ খাটৰবাৰী ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মচাৰী ব্ৰজেন বড়োই আঁত ধৰা সভাত উপস্থিত থাকি তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়েও ভাষণ ৰাখে।
আজিৰ এই সভাত ভাওৰাগুৰী, খাটৰবাৰী আৰু কালচেনি গাঁওৰ ৰাইজৰ মাজত আয়ুষ্মান ভাৰত অভিযান আঁচনিৰ কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীয়ে। 
আজিৰ সভাত বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ উপৰিও শুক্লাই চেৰফাংৰ টিচিএলচিচিৰ অধ্যক্ষ ৰুদ্ৰ সুবেদী, নাগ্ৰীজুলি টিচিএলচিচিৰ অধ্যক্ষ অজিত বসুমতাৰী, নাগ্ৰীজুলি ভিচিডিচিৰ অধ্যক্ষ প্ৰদীপ সৰকাৰৰ উপৰিও অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0