newsnextone.com| শিৱসাগৰঃ দুটা দূৰ্ধূৰ্ষ গাড়ী চোৰ, এজনৰ ঘৰ নাগালেণ্ডত আনজন শিৱসাগৰ জাঁজীৰ বাসিন্দা৷ কিন্তু নাগালেণ্ডৰ চোৰ জনে এখন বেলেন’ চাৰিচকীয়া বাহন মৰাণৰ পৰা চুৰ কৰি লৈ আহিছিল৷ কিন্তু ভাগ্য বেয়া আছিল দুয়োৰে৷ কিয়নো সহপাঠী জনক মৰাণ আৰক্ষীয়ে আটক কৰি আনজন চোৰক লগত লৈ বিশেষ সূত্রৰ পম খেদি গৌৰীসাগৰত আটক কৰে মৰাণ আৰক্ষীয়ে ইজনকো৷
উল্লেখযোগ্য যে আৰক্ষীয়ে তেওঁৰ সহপাঠী চোৰজনক লগত লৈ অহাৰ বিষয়ে আনজন চোৰে উমান পোৱা নাছিল৷ যাৰ বাবে চুৰি কৰা গাড়ী লৈ আহি বিনায়কতে চাহ একাপ খাই লগৰ জনলৈ অপেক্ষা কৰিছিল চোৰজনে৷ কিন্তু ক্ষন্তেক সময়ৰ পাছতেই সহপাঠীজন আহিছে বুলি ওলাই অহা এইজনা চোৰ আৰক্ষীৰ ফান্দত পৰে৷