newsnextone.com| ওদালগুৰিঃ কাইলৈৰ পৰা ৰাজ্যৰ ১৭ খন জিলাক সামৰি আৰম্ভ হ’ব ২০১৮ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। এই প্ৰথম পৰ্যায়ৰ গুণোৎসৱে বিভিন্ন জিলাৰ সমান্তৰালকৈ ওদালগুৰি জিলাকো সামৰি লৈছে। জিলাখনৰ তিনিটা শিক্ষাখণ্ড ক্ৰমে খৈৰাবাৰী, ওদালগুৰি আৰু মাজবাটক সামৰি ল’ব ২০১৮ বৰ্ষৰ গুণোৎসৱে। এই তিনিটা শিক্ষাখণ্ডৰ অন্তৰ্গত ১৩৫০ খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা আৰম্ভ হ’ব গুণোৎসৱৰ কাৰ্যসূচী।
ইতিমধ্যে শিক্ষা বিভাগৰ তৰফৰ পৰা সকলো ধৰণৰ কাম-কাজ সম্পূৰ্ণ কৰা দেখা গৈছে। গুণোৎসৱৰ কাৰ্যসূচী সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে জিলা শিক্ষা বিভাগৰ লগতে জিলা প্ৰশাসনে সকলো দিশতে তীক্ষ্ণ নজৰ ৰখা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তব্যত থকা শিক্ষকসকলক ইতিমধ্যে জিলা উপায়ুক্তই বিগত ৪ অক্টোবৰ তাৰিখে এক পত্ৰ যোগে গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণৰ তৎকালীন নিৰ্দেশনা প্ৰেৰণ কৰিছে। অৱশ্যে গুণোৎসৱ কাৰ্যসূচী পাৰ হৈ যোৱাৰ অন্তত তেওঁলোকক পুনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্তব্যত নিয়োগ হবলৈ নিৰ্দেশ দিছে জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে।