newsnextone.com| নগাঁওঃ ৰাজনৈতিক হস্তক্ষেপ নেওচি চৰকাৰী বিধি মতে বিভাগৰ কাম-কাজ কৰি স্থানীয় বিধায়িকাৰ ৰোষত পৰি অৱশেষত অৱসৰ গ্ৰহনলৈ মাত্ৰ দহমাহ বাকী থকা অৱস্থাত সূদুৰ লক্ষীমপুৰলৈ বদলিৰ আদেশ লাভ কৰা নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত দলংঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকী জিতেন্দ্ৰ কুমাৰ নাথৰ বিভাগীয় নিদ্দেৰ্শত স্থগিতাদেশ জাৰী কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে, ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিবৰ দ্বাৰা স্বাক্ষৰিত মেম’ নং-পি আৰ দি-১২/১০/২০১৭-পি আৰ দি(বি)-৭৬ ৰ জৰিয়তে বিষয়াগৰাকীক বদলিকৰণৰ নিৰ্দেশ দিয়া হৈছিল যদিও বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ সৈতে হোৱা সংঘাতৰ বাবেই বিষয়াজনক এনেদৰে সময়ৰ বহু পূৰ্বেই বদলি কৰা হৈছে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উঠিছিল৷
