56
newsnextone.com| বিলাসীপাৰাঃ আগন্তুক লোক সভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলক ৰুধিবলৈ কংগ্ৰেছ দলে লক্ষ্য হিচাপে লৈছে যদিও ধুবুৰী লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মাজত বিসম্বাদ গা কৰি উঠা পৰিলক্ষিত হৈছে। প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ শালমাৰাৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে নিজৰ ক্ষমতা হস্তগত কৰি ৰখাৰ ক্ষেত্ৰত ধুবুৰী লোকসভা সমষ্টিটোৰ বিভিন্ন বিধান সভা সমষ্টিত কংগ্ৰেছৰ কৰ্মী মাজত গ্ৰুপ সৃষ্টি কৰি অহা দেখা গৈছে।
