www.newsnextone.com| লিডুঃ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীন কথাচেমা গাঁৱত যোৱা নিশা এটা বন্যহস্তী বিদ্যুত্স্পৃষ্ট হৈ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ নিশা বনৰীয়া হাতীৱে কথাচেমা সংৰক্ষিত বঞ্চানলৰ পৰা খাদ্য সন্ধানত ওলাই আহোতে ওলমি থকা এডাল তীব্ৰ বিদুৎ প্ৰবাহিত তাঁৰত বিদ্যুত্স্পৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷
আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে প্ৰথমে প্ৰত্যক্ষ কৰে মৃত হাতীটোক আৰু তাৰ পাছতে জাগুন বন কাৰ্যালয়ক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷