Home ৰাজ্য৪৫ বছৰে উন্নয়নৰ মুখ নেদেখা এখন গাঁৱৰ কথা…

৪৫ বছৰে উন্নয়নৰ মুখ নেদেখা এখন গাঁৱৰ কথা…

by News Desk
A+A-
Reset
s2

জিয়াৰুদ্দিন আহমেদ, শিৱসাগৰঃ পৰিৱৰ্তনৰ শ্ল’গান দি ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে শাসনভাৰ লোৱাৰ পাছত পঞ্চায়তীৰাজ ব্যৱস্থাৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি ৰূপায়ন কৰিছে যদিও তাৰ বিপৰীত ছবিহে উন্মোচিত হৈছে শিৱসাগৰৰ নামতিৰ এখন গাঁৱত। শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰৰ শলগুৰি মৌজাৰ বৰুৱা পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নামতি চাৰিআলি গণক আদৰ্শ গাঁও। বিগত ৪৫ বছৰৰ পূৰ্বে নির্মাণ হোৱা গাঁওখনত ১৫০ ঘৰৰো অধিক বাসিন্দা আছে যদিও আজি পৰ্যন্ত বাট-পথৰ লগতে বিশুদ্ধ খোৱাপানীৰ সুব্যৱস্থা নহ’ল। উল্লেখ যে গাঁওখনত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্রাথমিক বিদ্যালয়, উপ-স্বাস্থ্য কেন্দ্ৰ, অংগনৱাড়ী কেন্দ্ৰ, পশু উপ-স্বাস্থ্য কেন্দ্ৰৰ লগতে এপল’ ক্লাব আৰু নামতি চাৰিআলি সন্মিলিত মুছলিম যুৱ সমাজ নামেৰে দুটা সামাজিক অনুষ্ঠান আছে যদিও এজাক বৰষুণ দিলেই উক্ত পথটো জৰাজীৰ্ণ হৈ পৰে। যাৰ ফলত যান-বাহনতো দূৰৰ কথা স্কুল-কলেজলৈ যোৱা ছাত্ৰ-ছাত্ৰীয়েও জীয়াতু ভুগিব লগা হয়। বিশেষকৈ জৰুৰীকালীন অৱস্থাত ৰোগীক চিকিৎসালয়লৈ লৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। উক্ত গাঁওখনত দুই-তিনিজনমান চাকৰিয়াল আছে যদিও সৰহসংখ্যক লোকে দিন-হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে। কোৱা বাহুল্য, গাঁওবাসীয়ে বহুবাৰ গাঁঠিৰ ধনেৰে পথটোত শিলগুটি আৰু ইটাৰ টুকুৰা পেলাই লৈছে যদিও গাঁতবোৰ নাইকিয়া হোৱা নাই। আনহাতে, গাঁওবাসীয়ে বহুদিন ধৰি বিশুদ্ধ পানীৰ অভাৱত দিন কটাবলগীয়া হৈছে।  বিগত বহু বছৰৰ পূৰ্বে সেই সময়ৰ আমগুৰি সমষ্টিৰ বিধায়ক প্রয়াত অঞ্জন দত্তই গাওঁখনলৈ চাৰিটা টিউৱেল প্রদান কৰিছিল৷ কিন্তু তাৰে দুটা এতিয়া সম্পূৰ্ণৰূপে জৰাজীৰ্ণ হৈ পৰিছে। যি দুটা আছে সেই দুটাতো আইৰণযুক্ত পানী ওলায়। জনস্বাস্থ্য কাৰিকৰী বিভাগে নামতি চাৰিআলি পানী যোগান আঁচনি স্থাপন কৰিছে যদিও তাৰপৰা প্রায় ডেৰ কিল’মিটাৰ দূৰত্বত থকা উক্ত গাঁওখনত সম্প্ৰতি বিশুদ্ধ খোৱা পানী যোগান ধৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক৷ অৱশেষত অতিষ্ঠ হৈ আদর্শ গাঁওবাসীয়ে ২৩ অক্টোবৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। আব্দুল জেলিলৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ সর্বসন্মতিক্রমে প্ৰস্তাৱ গ্ৰহণ কৰি ঐতিহাসিক ধোদৰ আলি সংযোগী প্রায় ১.৩ কিঃ মিঃ দৈৰ্ঘ্যৰ পথটোত কালভার্টৰ সৈতে শীঘ্ৰেই মেৰামতি কৰাৰ লগতে পথৰ সমান্তৰালভাৱে নলা খান্দি পানী ওলাই যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজৰ স্বাক্ষৰিত এখন পত্র স্থানীয় আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকালৈ প্রেৰণ কৰে। উল্লেখ যে মিত্রযোঁতৰ বিধায়ক প্ৰদীপ হাজৰিকাই নামতি চাৰি আলি গণক আদৰ্শ গাঁওবাসীৰ পত্রৰ প্রতি কেনে ধৰণৰ সহাৰি জনায় সেইয়া হ’ব লক্ষণীয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0