ৰাজপথত কেৱল সেনা আৰু আৰক্ষীৰ গাড়ীৰ শব্দ৷ দিনৰ দিনটো মানুহবোৰে ঘৰৰ ভিতৰতে সময় অতিবাহিত কৰিছে৷ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ প্ৰয়োজন যদিও ঘৰৰপৰা ওলাই গৈ সামগ্ৰী আনিবলৈ সাহস গোটাব পৰা নাই কোনেও৷ স্কুল-কলেজ বন্ধ৷ চ’ক বজাৰত কেৱল সেনা-আৰক্ষীৰ তহল৷ চৌদিশে নিটাল-নিস্তব্ধ৷ মাজে মাজে সেনা-আৰক্ষীৰ কনভয়ে ৰাজপথ কঁপাই গৈছে৷ চৌদিশে ভয় আৰু আতংকময় পৰিৱেশ৷ দিনৰ দিনটো তেনেদৰেই পাৰ হয়৷ এন্ধাৰ নামি আহিলেই যেন বিপদো নামি আহে! কোনোবাই ঘৰ জ্বলাই থৈ যাব নেকি! একে-৪৭ৰ গুলীয়ে কাৰোবাৰ বুকু ভেদিব নেকি! চৌদিশে কেৱল ভয় আৰু আতংক!
বেলি ডুব যোৱাৰ পাছতে গাঁৱৰ লোকসকল এঠাইত একত্ৰিত হয়৷ তেওঁলোক একো একোটা গোটত বিভক্ত হৈ গাঁওখন নতুবা এলেকাটো পহৰা দিবলৈ ধৰে৷ ভাগে ভাগে গাঁৱৰ প্ৰতিটো এলেকা পহৰাৰ বাবে দলবোৰক দায়িত্ব দিয়া হয়৷ বিশেষকৈ গাঁৱৰ ডেকাসকলে পহৰা দিয়ে৷ কিছু সময়ৰ মূৰে মূৰে আতংকগ্ৰস্ত পহৰাদাৰসকলে টৰ্চৰ তীব্ৰ পোহৰেৰে নীৰিক্ষণ কৰে কোনোবা আহিছে নেকি! এন্ধাৰ ফালি পোহৰ ওলাই আহে দূৰৰ গাঁওখনৰপৰাও৷ কিছু সময়ৰ মূৰে মূৰে টৰ্চ জ্বলাই চৌপাশ সন্তৰ্পণে পৰীক্ষা কৰা হয়৷ পহৰাদাৰসকলে পহৰা দিয়াৰ বাবেহে নিশা পৰিয়ালৰ আন সদস্যকেইজনে শান্তিৰে শুব পাৰিছে৷ কিমানদিনলৈ গাঁৱৰ ডেকাসকলে নিশা পাটীত পৰিবলৈ নাপায় তাৰ হিচাপ নাই৷ পৰহা দিবলৈ নগ’লেও ২০০-৩০০ টকা জৰিমনা ভৰিবলগা হয়। চকুৰ গুৰি ক’লা পৰি যায় ডেকাসকলৰ৷