মৰিয়নীঃ ৰাজ্যত অব্যাহত আছে ক’লা হীৰাৰ ভয়ংকৰ ছিণ্ডিকেট। এইবাৰ পুনৰ মৰিয়নীৰপৰা আৰম্ভ কয়লাৰ ক’লা বেহা।
আৰক্ষী প্ৰশাসনৰ সন্মুখতে চলিছে চোৰাং কয়লাৰ মুকলি বজাৰ। অসম নগালেণ্ড সীমান্তৰ মৰিয়নীত একাংশ কয়লা মাফিয়াই চলাই আহিছে ব্যাপক ছিণ্ডিকেটৰাজ। ধাৰাবাহিকভাৱে সংবাদমাধ্যমত বাতৰি সম্প্ৰচাৰৰ পাছত মহকুমা প্ৰশাসনে সেই সময়ছোৱাতে ছিল কৰিবলৈ বাধ্য হৈ পৰিছিল সাতটাকৈ অবৈধ কয়লা ডিপো। কিন্তু মহকুমা প্ৰশাসনৰ কঠোৰ পদক্ষেপকো ভেঙুচালি কৰি এইবাৰ পুনৰ মৰিয়নীৰপৰাই আৰম্ভ হৈছে কয়লাৰ বিশাল চোৰাং বজাৰ।