তেজপুৰঃ শোণিতপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত দেওবাৰে বিয়লি তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা নৰেন্দ্ৰ দেৱ শাস্ত্ৰী স্মাৰক বক্তৃতানুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়াক ২০১৮ বৰ্ষৰ নৰেন্দ্ৰ দেৱ শাস্ত্ৰী স্মাৰক বঁটা প্ৰদান কৰা হয়।
সভাপতি সুভাষ চন্দ্ৰ বিশ্বাসৰ সভাপতিত্বত ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে অপুৰ্ব বৰাই আঁত ধৰা অনুষ্ঠানটিত নৰেন্দ্ৰ দেৱ শাস্ত্ৰী আৰু তৰুণ শইকীয়াৰ জীৱন কৃতী আলোকপাত কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি হেমন্ত কুমাৰ বৰুৱাই।