নগাঁওঃ নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা ২৩ আৰু ২৪ ডিচেম্বৰত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপনৰ দিহা কৰা হৈছে৷ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক বিপুল ৰাজকুমাৰে জনোৱা মতে ২৩ ডিচেম্বৰত পুৱা ৯ বজাৰপৰা ২ বজালৈ ছাত্র-ছাত্রী আৰু বিশিষ্ট ব্যক্তিৰ সন্মিলনত ভাগ ল’ব কটন কলেজৰ প্ৰাক্তন গণিত বিভাগৰ অধ্যাপক ড° তাৰকেশ্বৰ চৌধুৰী আৰু অসম বিজ্ঞান সমিতিৰ যুটীয়া সচিব মৃনাল হাজৰিকাই।
তাৰ পিছতেই অষ্টম আৰু দশম শ্ৰেণীৰ ছাত্র-ছাত্রী সকলৰ মাজত নমুনা তৈয়াৰী প্ৰতিযোগীতা আৰু প্ৰদৰ্শনীৰ লগতে গণিত কুইজ প্ৰতিযোগীতা অনুষ্ঠিত কৰা হ’ব। ২৪ ডিচেম্বৰত ৯ বজাৰ ৰা দুই বজালৈ ‘গণিতৰ সৈতে ধেমালী’ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° ভীম প্ৰসাদ শৰ্মাই।