ডিমাকুছিঃ এটা বিধস্ত পথ৷ এই পথেদি দৈনিক শতাধিক যানবাহন চলে৷ পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ আহিছে পথত৷ আনকি কণ-কণ ছাত্ৰ-ছাত্ৰীয়েও এই জৰাজীৰ্ণ পথৰ বাবে বিদ্যালয়লৈ যোৱাতো বন্ধ কৰিছে৷
ভেৰগাঁও খণ্ড উন্নয়ন খণ্ডৰ অন্তৰ্গত শুক্লাই মিলচ’ক-ভূটান সীমান্ত সংযোগী এই পথ নিৰ্মানৰ দাবী দীৰ্ঘদিনীয়া যদিও পানেৰি সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰী তথা স্থানীয় এম চি এল এই এই গুৰুত্বপূৰ্ণ পথ মেৰামতি কৰাত কোনো সদিচ্ছা নকৰাত মঙলবাৰে এই পথ মেৰামতিৰ বাবে ওলাই আহিল স্থানীয় যুৱক৷