67
নগাঁওঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত নগাঁও গ্ৰাম্য পুথিভঁড়াল সন্থাৰ সভা কক্ষত ‘সঁহাৰি’ শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়।
সভাখনিত সভাপতিত্ব কৰি জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে উচ্চ ন্যায়ালয়ৰ নিদ্দেশানুক্ৰমে দিব্যাংগ লোকসকলৰ অধিকাৰ আৰু ন্যায় প্ৰাপ্তিৰ দিশত বিশেষ ভাৱে সক্ষম-২০১৮ আইনখন সফল ৰূপায়নৰ বাবে লোবা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে|