গোৰেশ্বৰঃ কনকলাল স্বৰ্গীয়াৰী কেৱল গীতিকাৰে নাছিল তেওঁ সমন্বয়ৰ বাহক আছিল। ১৯৭৬ চনত কোকৰাঝাৰত যেতিয়া গোষ্ঠীগত সংঘৰ্ষ হৈছিল তেতিয়া দুৰ্গত লোকৰ সহায়ৰ বাবে তেওঁলোকৰ মাজলৈ গৈ সমন্বয় গীত গাইছিল এইজন কনকলাল স্বৰ্গীয়াৰীয়ে।
এই মন্তব্য বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ। শনিবাৰে বাগসা জিলাৰ গোৰেশ্বৰত গড়কপ্তানি বিভাগৰ পৰিদৰ্শন বঙলা প্ৰাংগনত কনকলাল স্বৰ্গীয়াৰীৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত মুকলি সভাত বড়ো সাহিত্য সভাৰ সভাপতি গৰাকীয়ে এনেদৰে কয়।