লিডুঃ গুৱাহাটীৰ কটন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন ঘোষণাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভায়ো শ্ৰেণী বৰ্জন ঘোষণা কৰিছে৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত মহাবিদ্যালয়সমূহে অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ বিধেয়কখন বাতিল নকৰাৰ পৰ্যন্ত তেওঁলোকৰ এই প্ৰতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে৷