ডিব্ৰুগড়ঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লেই-লেই,ছেই-ছেই ধ্বনিৰে উত্তাল হ’ল চাবুৱা। অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বলপূৰ্বক ভাৱে জাপি দিবলৈ কচৰৎ চলোৱা কেন্দ্ৰীয় চৰকাৰক হাঁহিমুখে সমৰ্থন জনোৱা জাতীয় নায়ক আখ্যা পোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতীয় খলনায়ক আখ্যা দি আজি সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুলুক গাঁওৰ বাসগৃহ ঘেৰাও কৰে ।
প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায়-হায়, কেন্দ্ৰীয় চৰকাৰ হায়-হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্ল’গানেৰে প্ৰায় ঘন্টা সময় মুখ্যমন্ত্ৰী সোণোৱালৰ বাসগৃহৰ ঘেৰাও কৰি পৰিবেশ উত্তাল কৰি তোলে। আন্দোলনত অংশ লৈ সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই কয় অবৈধ বাংলাদেশীক টালি-টোপোলা বান্ধিবলৈ আহ্বান জনোৱা মোডী চৰকাৰে এতিয়া অবৈধ বাংলাদেশীক টোপোলা খুলি থাকিবলৈ ব্যৱস্থা কৰিছে। বিজেপিৰ এই কাৰ্য্য সহ্য কৰা নহ’ব ।