বৰপথাৰঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ মাজেৰে অব্যাহত আছে অবৈধ কয়লাৰ সৰবৰাহ ৷ ইয়াৰ মাজতে, শুকুৰবাৰে নিশা সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাওঁজান উপ আৰক্ষী থানাই জব্দ কৰে দুখনকৈ কয়লা ভৰ্তি ট্ৰাক ।
টাই আহোম যুৱ পৰিষদৰ অভিযোগ মৰ্মে নাওঁজান বিলপথাৰস্থিত ৰাজ ইটা ভাটাৰ পৰা নিশা অবৈধভাৱে কয়লা সৰবৰাহ কৰা AS03BC6387 আৰু AS04AC 8541 নম্বৰৰ দুখন ট্ৰাক জব্দ কৰি লৈ আনে চুঙাজান আৰক্ষী থানালৈ। উল্লেখ্য যে বিগত সময়ছোৱাত ধনশিৰি মহকুমাৰ মাজেদি অবৈধভাৱে আৰু অতিৰিক্ত বোজাইসহ কয়লা কঢ়িওৱা ট্ৰাক চলাচল কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল বিভিন্ন সংগঠনে।