নতুন দিল্লীঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ অন্তিম তথা অন্তৱৰ্তীকালীন বাজেটত আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বহুতো ৰেহাই ঘোষণা কৰিছে৷ বিত্ত মন্ত্ৰী অৰুণ জেটলী অসুস্থতাৰ বাবে মন্ত্ৰী পিয়ুষ গোৱেলে শুকুৰবাৰে উত্থাপন কৰা বাজেটত মধ্যবৃত্তক সকাহ দিব পৰাকৈ আয়কৰৰ নিম্নতম সীমা পাঁচ লাখ টকালৈ বৃদ্ধি কৰিছে৷
পূৰ্বে বছৰি আঢ়ৈ লাখ টকালৈকেহে আয়কৰ ৰেহাই দিয়া হৈছিল৷ ইয়াৰ দ্বাৰা মোডী চৰকাৰে আগন্তুক লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি দেশৰ চাকৰিয়াল তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰিছে৷