তামুলপুৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়ছোৱাতেই ৰঙিয়া ভূটান পথত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬।
ৰাজপথ অচল কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, প্ৰধানমন্ত্ৰী হুচিয়াৰ, মুখ্যমন্ত্ৰী হুছিয়াৰ আদি ধ্বনিৰে উত্তাল কৰি তোলে তামুলপুৰ ঘগ্ৰাচক। প্ৰতিলিপি দাহ কাৰ্যসূচিত সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীয়া সম্পাদক পূৰ্ণ ডেকা, তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক কুমুদ ডেকা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দমন পাটোৱাৰী, সম্পাদক অনুপ কলিতা সহ ছাত্ৰ নেতা সকল উপস্থিত থাকে।