66
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰৰ বৰপথাৰ গাঁৱৰ এজন যুৱক মঞ্জয় নাৰ্জাৰী। মঞ্জয়ে যোৱা এটা বছৰে চিন্তা কৰি নিজৰ উদ্ভাৱনী শক্তিৰে সাজি উলিয়াইছে এটা “ৰবট চিগনেল মেচিন”।
কেবাটাও চেঞ্চৰ, লেজাৰ লাইট, চেল ফোন, বেটাৰী আৰু কিছু ইলেক্ট্ৰনিক্স সামগ্ৰীৰে সাজি উলিওৱা এই মেচিনটোৰে সীমান্ত অঞ্চলত উগ্ৰপন্থীৰ অবাধ বিচৰণ আৰু প্ৰৱেশক বাধা দি তাক দমন কৰিব পৰা যাব বুলি দাবী কৰিছে মঞ্জয়ে।