59
ডিজিটেল ডেস্কঃএটাৰ পিছত আনটো ঘটনাই অশান্ত কৰি তুলিছে কাশ্মীৰৰ পৰিস্থিতি৷ এই পৰিস্থিতিৰ প্ৰতি নজৰ ৰাখি নিৰ্বাচন আয়োগে বাতিল কৰিছে ৰাজ্যখনৰ সমাগত উপ নিৰ্বাচন৷
জম্মু কাশ্মীৰৰ অনন্তনাগত অনুষ্ঠিত হ’বলগীয়া আছিল এই উপ নিৰ্বাচন৷ কিন্তু শেহতীয়া পৰিস্থিতিত কোনোমতেই ’ফ্ৰী এণ্ড ফেয়াৰ’ নিৰ্বাচন অনুষ্ঠিত নহ’ব বুলি উল্লেখ কৰিয়েই এই সিদ্ধান্ত নিৰ্বাচন আয়োগৰ৷