61
খৈৰাবাৰীঃ খৈৰাবাৰী অঞ্চলৰ এগৰাকী জনপ্ৰিয় পণ্ডিতৰ সোমবাৰে মৃত্যু হোৱা বাতৰিয়ে শোকৰ ছাঁ পেলাইছে৷ খৈৰাবাৰী অঞ্চলৰ ঐতিহাসিক হনুমান মন্দিৰৰ স্থায়ী পূজাৰী দেৱকান্ত মিশ্ৰৰ সোমবাৰে প্ৰায় ৬৬ বছৰ বয়সত মৃত্যুবৰণ কৰে৷
প্ৰয়াত দেৱকান্ত মিশ্ৰই সুদুৰ বিহাৰৰপৰা আহি খৈৰাবাৰীত নিগাজাকৈ থাকি চল্লিশ বছৰতকৈ অধিক দিন হনুমান মন্দিৰত পুজা-পাঠ কৰিছিল৷ ইয়াৰোপৰি ঐতিহাসিক ৰাম জানকী মন্দিৰ আৰু খৈৰাবাৰী চহৰৰ বোল ব’ম শিৱ মন্দিৰৰ স্থায়ী পূজাৰী আছিল৷