গুৱাহাটীঃ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি সমগ্ৰ ৰাজ্যত অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে আহ্বান জনাইছে প্ৰতিবাদী শোভাযাত্ৰা আৰু জেলভৰো কাৰ্যসূচী। উক্ত কাৰ্যসূচী প্ৰতি সমৰ্থন জনাই আজি প্ৰাগজ্যোতিষপুৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়েও গ্ৰহণ কৰে এই কাৰ্যসূচী।
দিনৰ ১১ বজাত আৰম্ভ হোৱা এই প্ৰতিবাদী শোভাযাত্ৰা আৰু জেলভৰো কাৰ্যসূচী গুৱাহাটী মহানগৰীৰ লতাশিল প্ৰাথমিক বিদ্যালয়ৰ পৰা কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালৈকে উলিওৱা হয়। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাগজ্যোতিষপুৰ মহকুমাৰ সভাপতি বিপুল কুমাৰ দাকোৱা আৰু সম্পাদক প্ৰদীপ কলিতাকে ধৰি বহুসংখ্যক প্ৰাথমিক শিক্ষকে।