ডিজিটেল ডেস্কঃ জন্মু-কাশ্মীৰত স্থিতি সুদৃঢ় কৰিবলৈ উঠি পৰি লাগিছে চীন৷ পাকিস্তানৰ সহায়েৰে চীনে কাশ্মীৰৰ সৈতে যোগসূত্ৰ স্থাপনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৰঙা চীনে।
উল্লেখ্য যে আধ্যাত্মিক গুৰু দালাই লামাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ পিছতে পোতক তুলিবলৈ কাশ্মীৰ বিষয়ত হস্তক্ষেপৰ ভাবুকি দিছিল চীনা চৰকাৰে। সেয়ে ভাৰতৰ সকিয়নি স্বত্বেও চীনে ইতিমধ্যে চীন-পাকিস্তানৰ মাজত অৰ্থনৈতিক কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে৷ তাৎপৰ্যৰ কথা যে উক্ত কৰিডৰে বেইজিঙৰ সৈতে কাশ্মীৰক সংযোগ কৰিব৷