54
গুৱাহাটীঃ মণিমা বেগম। ৪০ বছৰ ধৰি বাস কৰি আহিছে মহানগৰীত। ইঘৰ-সিঘৰত কাম-বন কৰি ভাৰাঘৰত থাকি কোনোমতে দুবেলা-দুমুঠি খাই আহিছিল। এদিন নিজাকৈ এখন ঘৰ হ’ব। সেই সপোনক বাস্তৱ ৰূপ দিবলৈ সুযোগ পালেই জমা কৰি গৈছিল এটকা-দুটকাকৈ।
এনেকৈ ৪০ বছৰত মণিমাৰ সাঁচতীয়া ধনৰ পৰিমাণ হৈছিলগৈ প্ৰায় ৩ লাখ। অৱশেষত সকলো শেষ। কেৱল মণিমাই নহয়, সকলো হেৰুৱাই এতিয়া সৰ্বশ্ৰান্ত ৪৫টাকৈ পৰিয়াল।