বোকাখাতঃ ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি শাসকীয় দলৰ নিষ্ক্ৰিয়তাৰ বিপৰীতে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰব গগৈয়ে৷ আজি বোকাখাতৰ বিভিন্ন অঞ্চলত নিজা সংসদ উন্নয়ন পুঁজিৰ ২০১৬-১৭ বৰ্ষৰ অনুমোদিত কেইবাখনো আঁচনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে৷
বোকাখাত সমষ্টিৰ অন্তৰ্গত দুখুতিমুখ আৰু গুলোংটেমেৰা পঞ্চায়ত সংযোগী অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যা ছহিদ কমলা মিৰি পথটিৰ আধাৰশিলা স্থাপন কৰে৷ আনহাতে কাজিৰঙাৰ পাণবাৰীস্থিত বন্যপ্ৰাণী সংৰক্ষণৰ লগতে পুনৰ সংস্থাপন কেন্দ্ৰলৈ দহ লাখ টকা ব্যয় সাপেক্ষে ‘ডিস্ক’ভাৰী কাজিৰঙা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷