ডিজিটেল ডেস্কঃ দুজনকৈ ভাৰতীয় সেনাক শিৰচ্ছেদ কৰাৰ লোমহৰ্ষক ঘটনাৰ যথোচিত প্ৰত্তুত্যৰ দিয়াৰ বাবে ভাৰত সাজু আছে। এই প্ৰত্তুত্যৰ ভাৰতীয় সেনাই উপযুক্ত সময়ত আৰু উপযুক্ত স্থানত দিব। সেই স্থান-কাল বাচিও ল’ব সেনাই নিজেই।
যুদ্ধবিৰতি ভংগ কৰাতো বাদেই¸ সোমবাৰে পুঞ্চ এলেকাৰ কৃষ্ণা ঘাটী চেক্টৰত সেনাৰ মৃতদেহৰ সৈতে কৰা এনেদৰে অমানুষিক কাৰ্যৰ পৰিণামৰ বাবে পাক সেনা সাজু থকাৰ বাবে আগজাননী দিছে ভাৰতীয় সেনাৰ এজন জেষ্ঠ বিষয়া শৰৎ চন্দ্ৰই। সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত উপ সেনাধক্ষ্যজনে কয় যে পাক সেনাৰ এনে কাৰ্যই দৰাচলতে তেঁওলোকৰ মনৰ হতাশাহে ফুটাই তুলিছে।