67
ডিজিটেল ৰিপ’ৰ্টঃ বিশ্বৰ ভিতৰতে এক অন্যতম দিশত উজলি উঠাৰ দিশে আগবাঢ়িছে অসম৷ মাজত মাথো কুৰি দিনৰহে অপেক্ষা৷ কুৰিদনৰ পিছতে ২৪ মে’ৰ দিনটো হৈ পৰিব অসমবাসীৰ বাবে ঐতিহাসিক দিন৷
সেইদিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব অসমবাসীক গৌৰৱান্বিত কৰি তুলিব পৰা এখন দলং৷ এই দলংখন হৈছে দেশৰ ভিতৰতে দীৰ্ঘতম আৰু এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় দীৰ্ঘতম দলং হিচাপে পৰিগণিত হোৱা ধলা-শদিয়া সংযোগী দলং৷