নলবাৰীঃ বন বিষয়া মহৎ তালুকদাৰৰ পিছত এইবাৰ নলবাৰীবাসীক লজ্জানত কৰালে যোৱানিশা ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা দুই চক্ৰ বিষয়া ভাস্কৰজ্যোতি দেৱশৰ্মা আৰু ভাস্কৰ দত্ত দাসে। ইয়াৰে ভাস্কৰ দত্ত দাসে ১ এপ্ৰিলত বৰভাগৰ ৰাজহ চক্ৰ বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।
উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁ হাফলঙত ই এ চি হিচাপে কৰ্মৰত আছিল। সম্পূৰ্ণ অনিয়মেৰে এ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি অভিযোগ থকা চক্ৰ বিষয়া ভাস্কৰ দত্ত দাস নলবাৰী জিলাৰ বৰভাগৰ দোকোহা গাঁৱৰ ভদ্ৰেশ্বৰ দাসৰ বৰপুত্ৰ। অৱশ্যে দাস বৰ্তমান গুৱাহাটী বেলতলাৰ স্থায়ী বাসিন্দা।