লিডুঃ উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত দুই শতাধিক স্থানীয় সুৰক্ষা কৰ্মীক কলইণ্ডিয়াৰ উৰ্ধতম কৰ্তৃপক্ষই ষড়যন্ত্ৰমুলকভাৱে অব্যাহতি দিব বিচাৰা কাৰ্যত প্ৰতিবাদৰ ঢৌ অব্যাহত আছে৷ বহুবাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰি আহিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নায়৷
যাৰ পৰিপ্ৰেক্ষিত ক্ষোভিত হৈ সোমবাৰে পুনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তৰ-পূব কয়লাক্ষেত্ৰৰ মুখ্য মহাপ্ৰৱন্ধক কাৰ্যলয়ৰ সন্মুখত এক তলা বন্ধ কাৰ্যসূচীৰ ৰূপায়ন কৰে৷ সংগঠনকেইটাৰ শতাধিক নেতাকৰ্মীয়ে পুৱা প্ৰায় ৯ বজাৰ পৰাই কাৰ্য্যলয়টোৰ মুল প্ৰবেশদ্বাৰৰ সন্মুখত বিভিন্ন ধৰনৰ শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷