ডিজিটেল ডেস্কঃ নিগ্ৰহৰ বলি হোৱা মহিলাই খঙত একোনাই হৈ অৱশেষত চোলা খুলি প্ৰতিবাদ কৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। আফ্ৰিকান পুৰুষ-মহিলাক নিগ্ৰহৰ শেহতীয়া ঘটনাৰ ঢৌ মাৰ নৌযাওতেই পুনৰবাৰ এনে এক ঘটনা দেখিবলৈ পোৱা গৈছে ৰাজধানী চহৰ দিল্লীত।
ঘটনাৰ বিৱৰণী মতে দিল্লীত মেট্ৰ’ ৰেলত ভ্ৰমণ কৰি থকা অৱস্থাত আতিশায্যৰ চিকাৰ হোৱা মহিলাগৰাকীৰ সৈতে প্ৰথমে বাক-বিতণ্ডা কৰে। ফেপেৰি পাতি ধৰা সহযাত্ৰীৰ আগত শেষত কাপোৰ খুলি মহিলাগৰাকীয়ে প্ৰতিবাদ কৰি কয়- ‘তোমালোকে যদি যুঁজিব বিচাৰিছা, তেন্তে আহা, যুঁজকে কৰো।’