74
ডিজিটেল ডেস্কঃ জাতিৰ পিতাই পঢ়া বিদ্যালয় বন্ধ কৰিলে গুজৰাট চৰকাৰে৷ ৰাজকোট চহৰৰ ১৬৪ বছৰীয়া এলফ্ৰেড বিদ্যালয়ত তলা ওলমালে ৰাজকোট নগৰ নিগমে৷
মহাত্মা গান্ধীৰ নামেৰে পৰিচিত এই বিদ্যালয়খনত সংগ্ৰাহলয়লৈ পৰিৱৰ্তন কৰা হ’ব৷ ১৮৫৩ চনত স্থাপিত এই বিদ্যালয়ৰ পৰা ১৮৮৭ চনত গান্ধীয়ে প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈছিল৷ বিগত বৰ্ষতে গুজৰাট চৰকাৰে এই ৰাজকোট নগৰ নিগমৰ এই প্ৰস্তাৱক অনুমোদন জনাইছিল৷