নলবাৰীঃ নলবাৰী জিলাৰ পশ্চিম দিশৰ বেলশৰৰ ঐতিহাসিক শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ত এইবাৰো সমাগত ১১ এপ্ৰিলৰপৰা ১৪ এপ্ৰিললৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰী বাসন্তী পূজাৰ আয়োজন কৰা হৈছে।
ইতিমধ্যে লক্ষী পাটোৱাৰী সভাপতি, উমেশ বৰ্মন কাৰ্যকৰী সভাপতি, গিৰিশ বৰ্মন উপ সভাপতি, মৃদুল পাটোৱাৰী সম্পাদক আৰু প্ৰণৱ বৰ্মন সহ: সম্পাদকৰ লগতে দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই সংবাদ মাধ্যমক জনোৱা মতে, ১১ এপ্ৰিলৰ সন্ধিয়া ৬-৩০ বজাত প্ৰবীণ শিল্পী ভোগী বৰ্মনে বন্তি প্ৰজ্বলন কৰাৰ পিছতে ৭ বজাত বিল্ববোধন, দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস সম্পন্ন হ’ব।