49
বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ পূব বনগাঁওবাসীয়ে সম্প্ৰতি এটুপি বিশুদ্ব খোৱা পানীৰ বাবে নিতৌ হাহাকাৰ কৰিব লগা হৈছে। ইয়াক লৈ অঞ্চলটোৰ ৰাইজে মুকলিকৈ ক্ষোভ উজাৰিছে কাৰ্যতঃ ৰাইজৰ উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনৰ ওপৰত।
বেলসৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত পূব বনগাঁও পানীযোগান আঁচনিখন আজিৰপৰা কেইবা বছৰ পূৰ্বে নিৰ্মাণ কৰিছিল যদিও সেয়াও ভেকো ভাওনা ধৰি ৰামঠগন দিয়ে উক্ত বিভাগটোৱে।