85
দৰংঃ বিগত কেইদিনমানৰ পৰা হৈ থকা বৰষুণৰ ফলত দৰং জিলাৰ বৃহত্তৰ খাৰুপেটীয়া অঞ্চলত শ শ বিঘা মাটিৰ শাক পাচলি জাহ গৈছে বৰষুণৰ পানীত৷ সৰ্বস্ৰান্ত হৈছে কৃষক৷ চাৰিওফালে হাহাকাৰ পৰিস্থিতি৷
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক শাক পাচলি উৎপন্ন হোৱা অঞ্চল হিচাপে বিশেষ স্থান দখল কৰা বৃহত্তৰ খাৰুপেটীয়া অঞ্চলৰ একুৰিৰো অধিক গাঁৱৰ শ শ বিঘা মাটিৰ পাচলি খেতি বৰষুণৰ পানীত বিনষ্ট হৈছে৷