নলবাৰীঃ ৰং আৰু তুলিকা লৈ সময় পাৰ কৰিছে চিত্ৰশিল্পী খছনুৰ আহমেদে। একান্ত নীৰৱ সাধনা আৰু ঐকান্তিক প্ৰচেষ্টাৰে চলাই যোৱা শিল্পকৰ্মৰে নলবাৰীৰ শিল্পী সমাজত, সমাজ জীৱনত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে আহমেদে। নলবাৰী জিলাৰ পানীগাঁৱত ১৯৫৩ চনৰ ২ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা শিল্পী খছনুৰ আহমেদে বৰ্তমান নলবাৰী চহৰৰ শান্তিপুৰত নিগাজিকৈ বসবাস কৰি নিজ গৃহতে নিৰলভাৱে শিল্পকৰ্ম চলাই আছে।
নলবাৰী মহাবিদ্যালয়ৰপৰা ১৯৭৫ চনত স্নাতক(কলা) ডিগ্ৰী লৈ আৰু বি মিউজ(ভায়োলিন), ছবি শিক্ষা লাভ কৰি আহমেদে গোবিন্দ চৌধুৰী, গুৰুজী আদ্য শৰ্মা আৰু প্ৰণৱ শৰ্মাৰ সান্নিধ্যত শিল্পকৰ্মৰ সৈতে একান্তভাৱে জড়িত হৈ পৰে। এই তিনিওগৰাকী বৰেণ্য ব্যক্তিৰ সান্নিধ্যতে ৰূপকোঁৱৰ থিয়েটাৰত সহযোগ কৰিবলৈ সুযোগ পাইছিল আৰু পিছলৈ আহমেদে অপৰূপা থিয়েটাৰ, বৰদৈচিলা থিয়েটাৰৰ কলা নিৰ্দেশক হিচাপেও দায়িত্ব লাভ কৰিছিল।