কনক দেউৰী, খেৰণিঃ প্ৰথমবাৰৰ বাবে ডিফুৰ পৰিৱৰ্তে পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ’ব কাৰ্বি স্বায়িত পৰিষদৰ প্ৰতিষ্ঠা দিৱস। পৰিপ্ৰেক্ষিতত কাৰ্বি পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসক লৈ ইতিমধ্যে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত ব্যাপক প্ৰস্তুতি আৰু আয়োজন কৰা পৰিলক্ষিত হৈছে কাৰ্বি আংলঙৰ কাৰ্বি পৰিষদক।
ইং ২৩ জুনত অৰ্থাৎ অহা কাইলৈ বৰ্ণিল কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত কেন্দ্ৰীয়ভাৱে কাৰ্বি পৰিষদে অনুষ্ঠিত কৰিব পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। তাৰেই উদ্দেশ্যেৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৰিষদীয় গৃহসমষ্টিত ব্যাপক তৎপৰতাৰে বিশাল পেণ্ডেল, মঞ্চ, অস্থায়ী তোৰণ আদিৰ নির্মাণ কাৰ্য্য নেৰানেপেৰাভাৱে সম্পূৰ্ণ কৰা পৰিলক্ষিত হৈছে।