360
বৰপেটাঃ বৰপেটাত চাঞ্চল্যকৰ কাণ্ড৷ এগৰাকী কিশোৰীক আগভেটি ধৰি চুৰিৰে হানি হত্যাৰ চেষ্টা৷ ছোৱালীগৰাকী বৰপেটাৰ বৃন্দাৱনহাটীৰ মৃদুপৰ্ণা দাস (১৬) বুলি জানিব পৰা গৈছে৷
বাতৰিত প্ৰকাশ হোৱা মতে বৰপেটা একাডেমীৰ উচ্চ মাধ্যমিক প্ৰথম বৰ্ষ বিজ্ঞান শাখাৰ ছাত্ৰীগৰাকীয়ে নিজ গৃহৰ পৰা টিউচনলৈ গৈ থকা অৱস্থাত আকস্মিকভাৱে জনৈক আকাশ নামৰ ল’ৰা এজনে আগভেটি ধৰি নৃশংসভাৱে উপৰ্যুপৰি কিশোৰীগৰাকীক চুৰিকাঘাট কৰে৷