ষড়ানন বৰা,চামগুৰিঃ বৰ্তমানেও অপৰিৱৰ্তিত হৈ আছে লাওখোৱা-বুঢ়াচাপৰিৰ বান পৰিস্থিতি। ক্ৰমাৎ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰে ওপৰেৰে পাৰ হোৱাত জটিল হৈ পৰিছে লাওখোৱা-বুঢ়াচাপৰিৰ বান পৰিস্থিতি। নি:চিহ্ন হৈ পৰিছে ধনীয়া আৰু জাৰণি গাঁও।
ইয়াৰ সমান্তৰালভাৱে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ আটাইকেইটা বন শিবিৰেই জলমগ্ন হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতে এফালৰপৰা ঢাহি-মুহি নিছে অভয়াৰণ্যখনৰ প্ৰতিটো অংশ। ইয়াৰ ফলত এতিয়া চূড়ান্ত ভাবুকি আহি পৰিছে বন্য জীৱ-জন্তু সমূহলৈ।