‘বয়সে পঞ্চাশৰ দেওনা পাৰ কৰিছে। কিন্তু জুবিন আজিও এটি শিশু হৈয়ে আছে! জুবিন শিশুৰ দৰেই চঞ্চল, শিশুৰ দৰেই অবোধ! জুবিনে শিশুৰ দৰেই যি মন যায় তাকে কৰে, জুবিনে শিশুৰ দৰে মুখলৈ যি আহে তাকেই বলকি দিয়ে। জুবিন এটি শিশু, আনে কি ক’ব, কি ভাৱিব সেয়া খাতিৰ নকৰা জুবিন সঁচাকৈয়ে এটি শিশু!’
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ কণ্ঠশিল্পী জুবিন গাৰ্গক লৈ প্ৰায়ে এইদৰে কোৱা শুনা যায় অসমীয়াক। একেখিনি কথাই তেওঁৰ অনুৰাগী আৰু তেওঁক বেয়া পোৱা সকলে আলোচনা কৰে। পাৰ্থক্য কেৱল এটাই- অনুৰাগীসকলে যদি এইখিনি কথা জুবিনৰ সমৰ্থনত তেওঁৰ শিশুসুলভ মনটোৰ বৰ্হিপ্ৰকাশ ঘটাই কয়, তেন্তে বেয়া পোৱা সকলে আকৌ একেখিনি কথাকেই জুবিনক সমালোচনা কৰিবলৈ ব্যৱহাৰ কৰে।