শিৱসাগৰঃ ভয়-ভাবুকি দি সাংবাদিকৰ মুখ বন্ধ কৰিব খোজাটো নতুন কথা নহয়৷ ইয়াৰ মাজতে আজি শিৱসাগৰ জিলাৰ শিৱসাগৰ জলসিঞ্চন সংমণ্ডলৰ কাৰ্যালয়ত খবৰ সংগ্ৰহ কৰিবলৈ যোৱা এগৰাকী সাংবাদিকক ভাবুকি প্ৰদান কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
দিনৰ পিছত দিন ধৰি সংমণ্ডলটোত একাংশ বিষয়া-কৰ্মচাৰীয়ে কৰ্তব্যত গাফিলতি কৰাৰ কথা ৰাইজৰ মুখে মুখে আলোচনা হৈ থকাৰ পিছত আজি নিউজ নেক্সট ৱানৰ এগৰাকী সাংবাদিকে দিনৰ এক বজাত কাৰ্যালয়টোত উপস্থিত হয়৷ কাৰ্যালয়টোত উপস্থিত হৈ ৮০ শতাংশ অভিযন্তা-কৰ্মচাৰীকে অনুপস্থিত থকা প্ৰত্যক্ষ কৰে৷