নগাঁওঃ অসমৰ মুঠ জনসংখ্যাৰ ৮৬%ই বাস কৰে গ্ৰামাঞ্চলত। ৰাজ্যখনৰ মুঠ ২,২০২খন গাওঁ পঞ্চায়তৰ লগতে গাওঁ উন্নয়ন পৰিষদ সমিতি আৰু গাওঁ উন্নয়ন সমিতিৰ অন্তৰ্গত আবাসীসকলৰ আৰ্থ-সামাজিক আৰু ব্যক্তিগত জীৱন ধাৰণ মানসম্পন্ন কৰি তোলা আৰু অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ উদ্দেশ্যে অসম চৰকাৰে প্ৰস্তুত কৰি উলিয়াইছিল ‘আমাৰ গাওঁ আমাৰ আঁচনি’ শীৰ্ষক এক অভিলাষী আঁচনি।
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ১২ মে’ৰ পৰা ১২ জুনলৈ মুঠ চৈধ্যটা পদক্ষেপত আঁচনিখন বাস্তৱায়িত কৰাৰ বাবে সংশ্লিষ্ট পক্ষলৈ জাননী জাৰি কৰে। উল্লেখ্য যে, চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনৰ সকলো আঁচনি আৰু এম জি এনৰেগা এই পৰিকল্পনাৰ পৰা লোৱাটো বাধ্যতামূলক।