চাবুৱাঃ ৰোগীৰ পৰিৱৰ্তে ঔষধ কোম্পানীৰ বিজ্ঞাপন চোৱাতহে ব্যস্ত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক৷ চাবুৱাৰ মডেল হাস্পতালত চিকিৎসকে ৰোগী নাচাই ঔষধ কোম্পানীৰ বিজ্ঞাপন চোৱাক লৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
অভিযোগ মতে বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিকৰ কেইজনমান বিষয়ববীয়াই হাস্পতালখনত চকু দেখাবলৈ যাওঁতে দত্ত উপাধিৰ এজন চিকিৎসকে ৰোগী লাইন পাতি থকা অৱস্থাতো ৰোগী নাচাই ঔষধ কোম্পানীৰ দুজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ সৈতে কথা পতাত ব্যস্ত হৈ থকা প্ৰত্যক্ষ কৰে৷