তিনিচুকীয়াঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ মে’ত মুকলি কৰিবলগীয়া ঢলা-শদিয়া দলং দৰ্শন কৰিবলৈ আজি ইয়াত উপস্থিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক প্ৰশাসনে বাধা দিয়ে৷
প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে দলংখন দৰ্শন কৰাৰ উদ্দেশ্য কালি সন্ধিয়া ৰেলত উঠি আহি ইয়াত উপস্থিত হয়৷ কিন্তু মুকলিৰ পূৰ্বে দলংখন দৰ্শনত বাধা থকাৰ অজুহাতত প্ৰশাসনে গগৈক দলংখন দৰ্শন কৰিবলৈ নিদি আঁতৰাই নিয়ে৷ সেই সময়ত তেওঁৰ সৈতে থকা প্ৰাক্তন মন্ত্ৰী প্ৰদু্ৎ বৰদলৈকো প্ৰশাসনে দলংখন চোৱাত বাধা দিয়ে৷