বিশ্বনাথ চাৰিআলিঃ হিন্দু চাহ জনগোষ্ঠী সংস্কৃতি সুৰক্ষা পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু প্ৰতাপগড় আঞ্চলিক সমিতিৰ সহযোগত বিশ্বনাথ চাৰিআলিৰ বৰপুখুৰী চাহ বাগিচাৰ লক্ষীনাৰায়ণ মন্দিৰ প্ৰাংগনত আজি সামূহিক বিবাহ অনুষ্ঠিত হয়।
সম্পূৰ্ণ বৈদিক পদ্ধতিৰে একেখন ৰভাতলীতে ছয় শতাধিক যোৰা দৰা-কইনাৰ বিবাহ সম্পন্ন কৰে মথুৰাৰ বঞ্চিৱট সেৱা আশ্ৰমৰ স্বামী অমৃতানন্দ মহাৰাজে। উল্লেখ্য যে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা একাংশলোকে ধৰ্মীয় নীতি-নিয়মৰে বিবাহ নোহোৱাকৈ যুগ্ম জীৱন যাপন কৰিছিল। এনেদৰে যুগ্ম জীৱন আৰম্ভ কৰা বহু সংখ্যকে আজি দৰা-কইনাৰ সাজত এই মণ্ডপত বহে।