ডিব্ৰুগড়ঃ অসমৰ সংবাদ-জগতত সংযোজন ঘটিল আন এক সংবাদ পত্ৰ। ডিব্ৰুগড়ৰ পৰা প্ৰকাশ পাবলগীয়া ‘দ্য ফ্ৰন্টিয়াৰ ডেইলি’ নামৰ সংবাদ পত্ৰখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ডিব্ৰুগড় নটৰাজ হোটেলত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত কাকতখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক সুবীৰ ভৌমিকে।
তেঁও কাকতখন উন্মোচন কৰি দিয়া ভাষণত সংবাদ পত্ৰৰ বিভিন্ন দিশ নিৰ্দেশনাৰ ওপৰত বক্তব্য আগবঢ়োৱাৰ লগতে সংবাদ-পত্ৰ এখনে ৰাজনৈতিক ব্যক্তি এজনৰ বক্তব্যৰ সম্পৰ্কত নিৰ্ভৰ কৰি বাতৰি পৰিৱেশন কৰিব নালাগে বুলি মন্তব্য কৰে।