তিনিচুকীয়াঃ ইটোৰ পিছত সিটো বিতৰ্কই জোকাৰি গৈছে তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ চিকিৎসালয়ক। কিছুদিন পূৰ্বে প্ৰসূতিৰ পৰিয়ালৰ পৰা উৎকোচ গ্ৰহণৰ বিতৰ্ক মাৰ নৌযাওঁতেই পুনৰ আন এক বিতৰ্কৰ বাবে চিকিৎসালয়খন বাতৰিৰ শিৰোনামলৈ আহিছে।
জানিব পৰা মতে, যোৱা ১৪ মে’ত দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়ৰ মেডিচিন ৱাৰ্ডত (পুৰুষ) ভৰ্তি হৈছিলহি ডুমডুমাৰ ৰাজেন তাঁতী নামৰ ব্যক্তিজন। কেও-কিছু নোহোৱা ৰাজেন তাঁতীৰ যোৱা ২০ মে’ত মৃত্যু হয়।
কিন্তু শনিবাৰে নিশা প্ৰায় ১০ বজাত মৃত্যু হোৱা ৰাজেন তাঁতীৰ মৃতদেহ যোৱা দুদিন ধৰি পৰি ৰ’ল চিকিৎসালয়খনত।