51
শিলচৰঃ শিলচৰস্থিত অসম চিকিৎসা মহাবিদ্যালয় চৌহদত সোমবাৰে নিশা দুটা ফৈদৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। এই সংঘৰ্ষত বাবুল দাস নামৰ এজন ব্যৱসায়ীয়ে প্ৰাণ হেৰুৱায়।
জানিব পৰা মতে, বাবুল নামৰ সত্তৰোৰ্ধৰ লোকজনৰ মিঠাইৰ দোকানৰ পৰা ১ লাখ টকাৰ গুণ্ডাটেক্স দাবী কৰিছিল ইমামউদ্দিন লস্কৰ নামৰ এজন লোকে। ধন দাবী কৰাতে ক্ষান্ত নাথাকি সন্ধিয়া কেবাজনো যুৱকক লগত লৈ বাবুল দাসৰ দোকানত উপস্থিত হৈ আক্ৰমণ চলায় ইমামে।