মোৰাঝাৰঃ মুন্না ভাই এম বি বি এছ নহয়, এইবাৰ ওলাইছে মুন্না প্ৰিঞ্চিপাল ছাৰ। হোজাই জিলাৰ এখন বিদ্যালয়। শুনিবলৈ আচৰিত যেন লাগিলেও ব্যক্তিগত খণ্ডৰ এই বিদ্যালয়খন আছে চৰকাৰী বিদ্যালয়ৰ ভূমিত। তাতোকৈ আচৰিত কথাটো এয়ে যে ব্যক্তিগত বিদ্যালয়খনৰ গৰাকী হৈছে চৰকাৰী বিদ্যালয়খনত কৰ্মৰত কেবাজনো শিক্ষক।
চৰকাৰী ভূমিত চৰকাৰী শিক্ষকে শিক্ষা বিভাগৰ চকুত ধুলি দি শিক্ষাৰ ব্যৱসায় চলাই যোৱা এই বিদ্যালয়খন স্থাপন কৰা হৈছিল ২০০১ চনত। অংকুৰৰ পৰা দশম শ্ৰেণীলৈ এই বিদ্যালয়খনত আছে তিনি শতাধিক ছাত্ৰ-ছাত্ৰী। চিতলমাৰি এম ই আৰু হাইস্কুলৰ চৌহদতে স্থাপন কৰা হৈছে এইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়।